ধন্যবাদ তোমাক । 

​এয়া ৰাতি ১বাজি ৫মিনিট । ব্যস্ত মহানগৰীৰ কোলাহল থমকি চাৰিওফালে নিস্তব্দতা আগুৰি ধৰিলে ।যেনেকৈ অশান্ত জীৱনত বিচ্ছেদৰ ঢৌৱে বিষাদ হৈ ভূমুকি মাৰে । 
লিখিবলৈ আৰম্ভ কৰা কবিতাটি অজানিতে কেনেকৈ সেই স্মৃতিৰ দিশত কৰে গতি ,সেয়া এতিয়াও ৰহস্যৰ কবলতেই আছে ।
ৰিণিকি -ৰিণিকি বাজি উঠে কথাটো ,”প্ৰথমে নিজক ভালপাব শিকা , তাৰ পিছত আনক ভালপাবা । ” 
ঠিকেই কৈছিলা নিজকেই যদি ভালনাপাব নিশিকো আনক কেনেকৈ ভালপোৱা দিম ?
তুমি কাষত থকা হেতেনএবাৰ চিঞৰি ক’ব মন আছিল ,”মালবিকা,চোৱা মোক এতিয়া । মই প্ৰতিটো ক্ষণত নিজকে ভালপাবলৈ শিকিলো ,নিজক গ্ৰহণ কৰিব শিকিলো ”
ধন্যবাদ তো�মাক । তুমি হীনতাই মোক শিকালেজীৱনৰ ৰ’দ,বতাহ আৰু ক’লা ডাৱৰতো প্ৰাণ ভৰাই জীৱনক জীৱন হিচাপে চুই চাবলৈ ।

পোহৰ -এন্ধাৰ

পোহৰ -এন্ধাৰ
পোহৰৰ সমানেই এন্ধাৰওঁ স্পষ্ট । কি বিচাৰে আপুনি ,পোহৰ নে এন্ধাৰ ?

পোহৰত দৃষ্টি দিয়ক ,কেৱল পোহৰৰ কিৰণবোৰ দেখিব,সেয়াই সত্য । 

এন্ধাৰত দৃষ্টি দিয়ক , দেখিওঁ নেদেখাকৈ কলা ভূতবোৰ হে দেখিব,সেয়াইও সত্যই । 

এন্ধাৰ -পোহৰৰ জোখ-মাখ কৰিবলৈ নহয় জীৱনতো ,থিৰাং কৰক পোহৰৰ দিশতহে দৃষ্টি ৰাখিব ,পোহৰে সদায়েই পোহৰণ কৰিব আপোনাৰ জীৱন ।